অসম মোৰ বুকুৰ আপোন,
মোৰ জীৱনৰ শিৰোনামাত;
মাথোঁ তোমাৰেই সপোন।
ঘুৰি নাচাওঁ অতীতক,
উভতি নযাওঁ লৰালি কাললৈ,
স্মৃতিয়ে আমনি কৰিব।
শৰৎ ঋতুৰ পূৰ্ণিমাৰ ৰাতিত
জোনাকৰ এটা ধুনীয়া নিশাত,
জোনাকী পৰুৱাৰ নাচ দেখি
বকুল শেৱালীৰ সুগন্ধত,
তোমাৰ সুখবোৰৰ স’তে
মই উমলিব খোজোঁ
তোমাৰ দুখবোৰ
ধুই দিব খোজোঁ!
চাব খোজা নেকি?
শীতৰ মাদকতা আৰু
আমেজ লৈ, বৰদিনৰ ঘণ্টা ধ্বনি,
আৰু কেৰলৰ সুৰে সুৰে,
নৱবৰ্ষ
তুমি আহিবা দেই,
লাচিত তুমিহে অসমৰ বীৰ
তোমাৰ স্বপ্নৰ অসম
হৈ থকা নাই অসম
কেৱল বিশৃংখলতাৰ ভিৰ
ধাননি পথাৰত চেচু খন্দা,
নৰাৰ পেঁপা বজোৱা,
লেচেৰী বোটলা মোৰ আনন্দময় শৈশৱৰ
নাম আঘোণ।
বায়ুমণ্ডলে নিৰ্বাচনৰ বতৰৰ ইংগিত দিছে,
নেতা-কৰ্মী সক্ৰিয় হবলৈ ধৰিছে
বাতৰি কাকত, টেলিভিশ্বন, চচিয়েল মিডিয়াত
নিৰ্বাচনী গ্ৰীষ্মই আৱৰিছে।