মোৰ কথাবোৰে যেতিয়া তোমাক আমনি কৰিব
তেতিয়া মোলৈ তোমাৰ ঘনাই মনত পৰিব
মই নোহোৱা বেদনাত তোমাৰ দুগালে চকুলো সৰিব৷৷
Category: স্তৱক
আকাশৰ সিবুকুৰ পৰা হুৰাহুৰে নামি আহিছে এজাক পৰিভ্ৰমী চৰাই
সিহঁতৰ ওঁঠত হেজাৰটি শব্দ বৰ্ণৰ গীত
পলাশজোপাৰ বায়বীয় উশাহত কি জ্বলিছে?
ঐ ভাবিছা নেকি?
পাহৰি পেলাইছোঁ বুলি তোমাক!
নাই পাহৰা আৰু নাপাহৰোঁ৷
পাহৰিমেই বা কিয়?
কাৰোবাক হৃদয়ৰ গভীৰতালৈ সোমোৱাই নল’বা৷
প্ৰাণখুলি মনৰ গোপন কথাবোৰ কেতিয়াও নাপাতিবা৷৷
দুচকুত চকু ৰাখি সেইজনৰ আগত বাকৰুদ্ধ হৈ নপৰিবা৷
আনৰ বাবে জীৱনৰ ৰংবোৰ কাহানিও আচুতীয়া কৰি নাৰাখিবা৷৷
তুমি মোৰ এক
আকাংক্ষিত মিঠা সপোন,
তুমি মোৰ এক
জীৱন দৰ্শনৰ দাপোন।
জীৱন ডিঙাখনি
বহু আশা কৰি
সংসাৰ সমুদ্ৰত মেলি দিলো ,
তৰঙ্গৰ হেঁচাত পৰি
ভ্ৰান্তি আৰু বিদ্বেষ বিয়পায়
যিয়েই সমাজ কৰে বিষাক্ত
সিয়েই নৰাধম