গাড়ীখনৰ পৰা নামি অভিনন্দন আৰু টেক্সিৰ ড্ৰাইভাৰজনে কি হৈছে মানুহৰ ভিৰ ঠেলি উমান লবলৈ চেস্তা কৰিলে ৷ পথৰ কাষৰ পৰা ত্রিশগজ মান তলত গড়খাৱৈত এখন হুণ্ডাই নেভেৰা গাড়ী ওলোটাখাই পৰি আছে৷ চকাফুটি চুচৰি গ’ল৷ গোটখোৱা মানুহখিনিয়ে ততাতৈয়াকৈ দূৰ্ঘটনাত পতিত গাড়ীখনৰ পৰা গুৰুত্বৰ ভাৱে আহত অৱস্থাত এজন বৌদ্ধ লামা উদ্ধাৰ কৰিব
Author: চুমিন্দ্ৰ চৌধুৰী

ধৰ্মাত্মা লামাজনৰ পাছে পাছে গৈ অভিনন্দন এজন বাধ্য ছাত্ৰৰ দৰে গৈ টেক্সিৰ আসনত বহি পৰিল ৷ ড্ৰাইভাৰজনে স্থানীয় ভূটীয়া ভাষাত লামাজনক খুব নিম্ন স্বৰত কিবা কথা পাতিলে ৷ সেই কথা বতৰাৰ মাজত ড্ৰাইভাৰজনৰ মুখত চিন্তাৰ ভাব ফুটি উঠিছিল ৷ অভিনন্দনে ড্ৰাইভাৰজনৰ মনৰ চিন্তাৰ কাৰণ জানিব কাৰণে খুব উৎসুক হ’ল ৷ তাৰ উৎসুকতা আতৰ কৰি

১৯৮৬ চন মানৰ কথা হ’ব৷ দুপৰীয়া স্কুল চুটীৰ পাছত ঘৰৰ আগফালৰ বাৰান্দাৰ দীঘল বেঞ্চখনত পেটখালা খাই গল্প পুথি এখন পঢ়ি আছিলো ৷ তেনে সময়তে মোৰ বৰদেউতা ৰত্নকান্ত চৌধুৰী (বটল বৰতা) আহি ঠুতৰিটোত চেপি মৰমতে মাতিলে, ফোচ ব’ল আজিটোক

কিছুদুৰ আগুৱাই আহি কেকুৰীটো ঘূৰিয়েই অভিনন্দনৰ পথৰ দাঁতিত এটা মাটিৰে নিৰ্মিত প্ৰকাণ্ড ধুনিৰ ওপৰত চকু পৰিল ৷ বতাহত ধুনিটোৰ পৰা উৰি থকা সুগন্ধিত ধোৱাই গোটেই ঠাইখন তাৰ পবিত্ৰ যজ্ঞস্থলীৰ দৰে লাগিল ৷ ধুনিৰ কাষত পাহাৰৰ গাত থকা শিলৰ ফাক বোৰত ৰঙ বিৰঙৰ অসংখ্য সৰু সৰু বৌদ্ধ স্তুপাৰ আকৃতিৰ মূৰ্তি চকুত পৰাত অভিনন্দনে তাৰ কৌতুহলী মনটোক ধৰি ৰাখিব নোৱাৰি শিলৰ ফাকটোলৈ আগুৱাই গ’ল ৷

মই তেতিয়া কুৰুৱা এম ভি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্র ৷ সেই সময়ত কুৰুৱাত বিজুলী শক্তিৰ ব্যৱহাৰেই হোৱা নাছিল ৷ স্কুল চুটীৰ পাছত গৰমৰ দিনত ৰাস্তাৰ দাঁতিৰ গছৰ ছাঁত মেজ বেঞ্চ পাৰি ভৰদুপৰীয়া জিৰণি লোৱাৰ নামত সাধুকথা পঢ়া, বাঘ ঢাল খেলা, কড়ি খেলা আদি পৰম্পৰাগত দৰে আছিল৷ তেনে এদিনাখন

“ওঁম মনি পদ্মে হুম” বুলি উচ্চাৰণ কৰি ধৰ্মাত্মা লামাই গাড়ীৰ খিৰিকীখন অলপ উঠাই দি গলগলীয়া মাতেৰে অভিনন্দনক মহাপ্ৰভু পদ্মসম্ভাৱাৰ জীৱন কাহিনী কবলৈ আৰম্ভ কৰিলে ৷

চাৰিদিন আগত অজয়ৰ মানিবেগটো চুৰি হ’ল ৷ বেগটোৰ লগতে ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড , ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নগদ পাঁচ হাজাৰ টকাৰ গ’ল ৷ ইফালে পত্নী জয়াক অহা ৰবিবাৰৰ দিনা এপলো হাস্পতালত ভৰ্তি কৰাব লাগে ৷ জৰুৰীকালীন পেটৰ অপাৰেচন এটা কৰাব লাগে ৷ এপল’ হাস্পাতালৰ ডা: জৈনৰ পৰা অপাৰেচনৰ তাৰিখ পোৱাটোৱেই বহুত ডাঙৰ কথা গতিকে সি

বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷

২০১৪ চনৰ চেপ্তেম্বৰ মাহৰ কথা৷ অভিনৱ তেতিয়া জেচিবি কোম্পানীৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত ৰিজিওনেল হেভিলাইন মেনেজাৰ হিচাবে কৰ্মৰত আছিল ৷
সেই দিনাখন মেঘালয়ৰ লুমচুলঙৰ পৰা কিছু দূৰৈৰ পাহাৰৰ মাজত থকা