এসময়ত আমাৰ গাওঁৰ তিনি আলিত,বৰপুখুৰীৰ পাৰত এজোপা বৃহৎ বৰ গছ আছিল। এতিয়া অৱশ্যে গছ জোপা নাই। সৰুতে গাঁৱৰ বুঢ়া সকলে আমাক কৈছিল “হেৰৌ, বৰপুখুৰীৰ পাৰৰ বৰগছজোপাৰ তলত ৰাতি ভূত ওলাই, বুজিছ? জখিনি ছোৱালী এজনী ওলাই। কোনোবা কোনোবাই বুঢ়া-ডাঙৰীয়াও দেখিছে। ৰাতি সেইফালে ভুলটো নাযাবি। মুচৰি পেলাব। গম পাবি।” সৰুতে ভয় লাগিছিল। অলপ ডাঙৰ হৈ ঘটনাটো
Author: ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা
মেকুৰী ৰাস্তাৰে পাৰ হৈ গ’লে গাড়ী ৰখাই দিব লাগে নেকি? এই কথাৰ কিবা যুক্তি যুক্ততা আছে জানো? এই অন্ধ বিশ্বাস কেৱল আমাৰ ইয়াতেই নহয় পৃথিৱীৰ বহু দেশত প্ৰচলিত। ইয়াৰ বৈজ্ঞানিক দিশৰ শুদ্ধতা বাখ্যানীয় নহয় যদিও কিছুমান লোক বিশ্বাস ইয়াৰ লগত জড়িত হৈ আছে। তাহানি ইংলেণ্ডত পোহনীয়া মেকুৰী শিশু সকলৰ মাজত যথেষ্ট মৰমৰ আছিল। বহু শিশু মেকুৰীৰ পাছে পাছে
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। প্ৰাচীন ভাৰতীয় জীৱন শৈলীৰ অংগ স্বৰূপ যোগৰ গুৰুত্ব সমগ্ৰ বিশ্বই ক্ৰমে উপলব্ধি কৰিব ধৰিছে বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই প্ৰতি বছৰৰ ২১ জুনৰ
ফাগুন মানে,
চঞ্চলা শিমলুৰ ৰঙা,
মৌপিয়াই চুমা খোৱা লাজুকী মদাৰ,
অভিমানী পলাশৰ ৰঙীন আভা।
ক’ত হেৰাল
উদূলি মুদুলি ঢেঁকীৰ শব্দৰ
পুহৰ আবেলিৰ
ভোগালীৰ ওলগনি ,
ক’তবা হেৰাল
মানুহগৰাকীৰ বয়স সত্তৰ উৰ্ধত হব, হাত দুখন কঁপি থাকে , মাত বোৰও কঁপা কঁপা। প্ৰায়ে মোৰ চেম্বাৰলৈ আহিছিল। বহুমূত্ৰ, উচ্চ ৰক্তচাপ আৰু কেবাটাও আনুসংগিক ৰোগত আক্ৰান্ত তেওঁ।
ধাননি পথাৰত চেচু খন্দা,
নৰাৰ পেঁপা বজোৱা,
লেচেৰী বোটলা মোৰ আনন্দময় শৈশৱৰ
নাম আঘোণ।
ইয়াত এখন নগৰ আছিল,
আছিল পুৱা গধূলিৰ নগৰীয়া ব্যস্ততা,
শাৰী শাৰী কৈ দোকানত ওলোমাই থোৱা আছিল চিপছৰ পেকেট বোৰ,