মাজৰাতি মই প্ৰায়ে সাৰপাওঁ
শূন্য জেগাখিনি খেপিয়াই চাওঁ
শ্ৰুতিমধুৰ হয় তোমাৰ অশৰীৰি নিশ্বাস।
স্মৃতিত ভাঁহে সহচৰী ৰাতিবোৰ
Author: সুনীতা শৰ্মা
এদিন কথা দিছিলা
আগুৱাই যোৱাৰ
হাতে-হাত ধৰি
জোনাক বিধৌত এক মায়াভৰা পথেৰে
কোনে কয় মোৰ সপোন নাই!!
তুমি নোহোৱাৰ দিন ধৰি
মোৰ সপোনবোৰেচোন ন-ৰঙেৰেহে পোখায়…
ক’ত মোৰ সেই সপোনৰ বালিচৰ
আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!!
ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত..
ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ এষাৰি মৌমিঠা আকুল মাত!!