সাত ৰঙৰ মাজত
হতাশ এটা ভয়ঙ্কৰ ৰঙ
মানৱ জীৱনৰ
অংগহীন সঙ্গী
Author: জয়া ৰৌফ
আচ্ছন্ন কাদম্বিনীৰ কান্তিময় কাহিলি
কান্তপক্ষী শান্ত হৈ
কুহেলিকাৰ কাব্যকুঞ্জত শোভিত শব্দগুচ্ছ –
চন্দ্ৰকলাৰ লাৱণ্য লৈ।
নাৰী মই
মাতৃত্বৰ ভ্ৰুণ এস্তমান ৰূপহী
বাসন্তীৰ বিন্দুজ্যোতি
গতি মোৰ জগত জোঁকাৰি
নিত্য নতুন যশস্যাৰ অনুৰাধা
বিস্তীৰ্ণ জীৱনৰ এখিলা সৰা পাত
ৰঙৰ সপোন দেখি
বলুকা শিলত ছবি আঁকি আঁকি
এটা কবিতাৰ ঘৰ সাজি।
একাজলি প্ৰেমৰ খোজত খোজকঢ়ি
সদ্যস্নাতা মইজনী
জপিয়াই জপিয়াই দুৰ্বাৰ ক্লান্তিহীন
বতাহৰ কোৱত দাঙ খাই খাই
একাজলি প্ৰেমৰ খোজত খোজকঢ়ি
সদ্যস্নাতা মইজনী
জপিয়াই জপিয়াই দুৰ্বাৰ ক্লান্তিহীন
বতাহৰ কোৱত দাঙ খাই খাই
উৰিছো এঠাইৰ পৰা আন ঠাইলৈ।
দেউতা,
তোমাৰ সতে মোৰ
উদন্ত বেলিৰ উঠন্ত পদূলিৰ
কিৰণময়ী যাত্ৰা আছিল,
তোমাৰ অনুভৱেই মোৰ জীৱনৰ
নিত্য নতুন দীপ্ত জ্যোতি।
নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।
জীৱন বোৱতী পালতৰীত বহি
বৈঠা মাৰি মাৰি
এটা সপোন বিচাৰিছোঁ,
কেতিয়াবা দুচকুৰ দুধাৰিত
অশ্ৰুৱে কাজল ধুই যায় !