পৃথিৱীৰ অন্ধকাৰ
চাৰিওফালে কোলাহল। আসন্ন মৃত্যুৱে হাত বাউলী মাতিছে
মৃত্যুৰ যাতনা চেতনাক নেওচি
ৰৈ আছো মই
Author: হিৰণ্য চেতিয়া গগৈ
এদিন পথৰুৱা বোকাত
কবিতা লিখা মানুহ জনী
নিজে এটা কবিতাহৈ পৰিল।
শিমলুৰ ওৰণি খহাই
মলয়াৰ সুহুৰি মাৰি
ভাৰতৰ যুৱ শক্তি জগাই তোলা
দেশ মাতৃক অন্তঃকৰনে সেৱা কৰা
পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ
আহ্বান জনাইছিল যুৱ শক্তিক
সঁহাৰি জনাইছিল বহুজনে।
দেশ স্বাধীন কৰা মানসেৰে
যুঁজত জপিয়াইছিল।
আজিও যুৱ শক্তিৰ বিশ্বাস
স্বামীজীৰ বানীৰে অনুপ্ৰাণিত কৰে।
কন্যা কুমাৰী সাগৰ বক্ষত শিলাস্মাৰকে।
জীৱন আৰু বানীয়ে
দেশবাসীক নৱ চেতনা দিয়ে।
দুৰৈৰ পথাৰৰ ভেলা ঘৰৰ পৰা
ভাঁহি আহে বাঁহীৰ বিষাদ ৰাগিনী
সপোন ভগা কোন পাহুৱাল ডেকাই
কালৈ মনত পেলাই বজাই বাঁহী।
নিজানত গছৰ গুটি খাই
ওমলা চৰাই জাক
স্মৃতি টোপোলা লৈ উৰি গল।
ভাগৰত জিৰণি ললে
ঠিকনা বিহীন চৰাই জাকে
বৰগছৰ তলত।