সপোন বিলাক সপোনহৈ ৰৈ গ’ল,
দি গ’ল মাথোঁ এটি মিঠা অনুভূতি!
কথা বিলাক ভবাৰ দৰে নাছিল।
কিন্তু অনুভৱ বিলাক সচাঁ আছিল!
Author: শ্যামলীমা খাউণ্ড শৰ্মা
হয়তো আজি তোমাৰ
মোলৈ মনত পৰা নাই।
কিন্তু মোৰ তোমালৈ মনত পৰিছে।
এটা কথা কি জানা?
সহজ নহয় এটা সম্পৰ্ক জীয়াই ৰখা।
আহাঁনা নতুন বছৰটোত
নতুনকৈ সজাওঁ মৰমবোৰক।
হিয়াৰ আকুল আহ্বানবোৰক।
এবাৰ তোমাৰ গীতৰ ৰাগিনী হৈ
মিলি যাব খোজোঁ তোমাৰ সুৰৰ লগত।
এবাৰ তোমাৰ কবিতাৰ ছন্দ হৈ
মিলিযাব খোজোঁ বতাহৰ লগত।
তুমি খং কৰা মই
তোমাৰ অভিমান ভাঙিম।
তুমি নামাতিলেও
মই তোমাক মাতিম।
কলমত চিয়াঁহী নাই মোৰ
তথাপি লিখাৰ আশা
হৃদয়ৰ চিয়াঁহীৰে
লিখিছোঁ মই
তুমি বুজিবানে মোৰ মৰমৰ ভাষা।
তুমি আন্ধাৰৰ মাজত পোহৰ
বিলাই নীৰৱে জ্বলি
থকা এগছি
চাকি ।