এই শুনানা কথা এটা তোমাৰ দুকান পাতি ৷
তোমাৰ ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷৷
মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণীক দিয়া জোকাৰি ৷
ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি৷৷
Author: পৰীস্মিতা গগৈ দত্ত
সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে
কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷
আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত
ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷
পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷
ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷
ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷
জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷
কাঢ়ি নিলা তুমি মোৰ দুচকুৰে নিদ্ৰাক ৷
ভাবিবলৈ বাধ্য কৰালা আকুল প্ৰেমৰে সংজ্ঞাক ৷৷
কাৰোবাক হৃদয়ৰ গভীৰতালৈ সোমোৱাই নল’বা৷
প্ৰাণখুলি মনৰ গোপন কথাবোৰ কেতিয়াও নাপাতিবা৷৷
দুচকুত চকু ৰাখি সেইজনৰ আগত বাকৰুদ্ধ হৈ নপৰিবা৷
আনৰ বাবে জীৱনৰ ৰংবোৰ কাহানিও আচুতীয়া কৰি নাৰাখিবা৷৷
ভোগালীৰ মানেই হৈছে সকলো ফালৰ পৰাই নদনবদন আনন্দ উৎসৱ৷ য’ত থাকে পৰিয়ালৰ মৰমৰ আৱদাৰ৷ নিয়ৰ সৰা গধূলিত ভোগালীৰ কিৰিলি, মেজিৰ দপদপকৈ জ্বলা জুইৰ কাষত হেপাহৰ ধেমালি৷ মাটিমাহ, কাঠআলু, ঔটেঙাৰে উহুৱা চাউলৰ ভাতসাঁজেৰে তৃপ্তি যোগাই অন্তৰ আত্মাত৷ মুঠি মৰা বৰা চাউলৰে মহৰ আঠা দৈয়ে ভোগৰ আমোদ যোগাই৷