মই মহা বিপ্লৱ
মই মহা তান্ডৱ
মহা সংগ্ৰামী দুৰন্ত বাস্তৱ
Author: প্ৰণৱৰঞ্জন শইকীয়া
কাব্যশিল্প কনককান্তি কল্লোলিত
অনিন্দ্যসুন্দৰ অনিবৰ্চনীয়
আত্মসন্তুতি অন্তৰ্নিহিত
প্ৰৱল প্ৰতাপী পৱিত্ৰ অখন্ড প্ৰেমমণ্ডলমণ্ডিত
মোৰ শব্দত
সপ্ত সুৰুজৰ উতপ্ত তুৰ্য্য
অস্তিত্ব সুৰক্ষাই মোৰ দুৰ্মদ দুৰন্ত লক্ষ্য
দুৰ্ব্বাৰ অনিৰ্বাৰ সংগ্ৰাম মোৰ অনিৰুদ্ধ
বিশ্বপ্ৰেম মানৱপ্ৰেমেৰে সদা সজ্জিত মই
কবিত্বই মোৰ মৃত্যঞ্জয়ী গায়ত্ৰী মন্ত্ৰ
সত্য প্ৰেম সততা ন্যায় সহৃদয়তা
অনিৰুদ্ধ অনিবাৰ্য সবল সতীৰ্থ
মোৰ সন্মুখত
এখন উলঙ্গ মানুহৰ পৃথিৱী
আশ্চৰ্য্য কদৰ্য্য মানসিকতা
আসুৰিক অশ্লীল প্ৰকৃতি
এক অভিশপ্ত ভালপোৱা নিবিড় নিস্তব্ধ নিসঙ্গ প্ৰহৰত
কেতিয়াবা তুমি জানো মোৰ হিয়াৰ
নিশব্দে সৰা অশ্ৰুৰ শব্দশুনা
অনুভৱ কৰা জানো
মোৰ প্ৰেম ভালপোৱা
থকা শুনি থকা ভাৱি থকা কথাবোৰ
কবিতাৰ আকাৰে লিখি দিলেই নহয় কবিতা
নাই পাৰ নাই ঘাট নাই কাৰো মিঠা মাত
উপলা পৃথিৱী এইখন মাথোন বিষাদ
অজানিতে প্ৰেমত পৰি নেচালো ভাৱি গুণি
বিছাৰি নেপাওঁ আজি ইয়াত বতাহ
উগ্ৰ প্ৰচন্ড উতপ্ত অগ্নিত মই দগ্ধ
নিৰ্লজ্জ বৰ্বৰ অত্যাচাৰ মোৰ অসহ্য
প্ৰাৰ্থনা সজল হৃদয়েৰে বিছাৰিছো মই