বন্ধুত্বৰ আত্মাই আত্মিক সহযোগীতা
ৰমনীয়তাৰে নিৰবধি প্ৰৱাহমান য’ত
সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত মায়াময় বাস্তৱতা
অস্তসূৰ্য্যৰ বক্ষত চিৰন্তন দেদীপ্তমান
সত্য নিষ্ঠ আস্থা প্ৰসাৰী
Author: প্ৰণৱৰঞ্জন শইকীয়া
বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম
সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম
ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব
ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ
আকাশ পাতাল পাৰ্থক্য
জ্ঞান বুদ্ধিহীন সুবলিত সুকুমাৰ যৌৱন
সুগন্ধি শূন্য ফুলৰ দৰে
জ্ঞানেহে মানুহক সুন্দৰ মাধুৰ্যমণ্ডিত কৰে
বাহ্যঅভ্যান্তৰে সৰ্বকালে
ৰূপ ৰস গন্ধ স্পৰ্শ
নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত
মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ
যদি অত্যাকল্পকালেও নেনামে দেৱত্ব
মোৰ পঁজা
ভগা পঁজা
নাই আভিজাত্যৰ আৰম্বৰতা
প্ৰেম সহৃদয়তাৰে সজাও দিন ৰাতি
জোৰাব নোৱাৰো কোনোদিনেও টকা পইচা
শঙ্কৰ মাধৱেই মোৰ আত্মাৰ আত্মা
সৰ্বতত্ত্বদীপ্ত সৰ্বশাস্ত্ৰৰ সুৰম্য সূৰ্য্যসাৰ সুগন্ধিত
অনন্ত অক্ষয় উচ্ছল প্ৰেমভক্তি প্লাৱিত
নিত্য সংশয় শূন্য মোক্ষৰ বণ্যা
তোমাৰ হৃদয়খনযে ইমান ধুনীয়া গোন্ধায়
কি ফুল ফুলাই থৈছা বাৰু সজাই
তূমি কথা ক’লেই তুমি হাঁহিলেই বসন্ত নামি
হালধীয়া পৃথিৱীখনো সেউজীয়া কৰি থৈ যায়
দুদিনৰ বাবে আহি
ৰৈ আছো মই আজি
মহানগৰৰ মাজ মজিয়াৰ
ব্যস্ত এটা ৰাজ পথৰ দাঁতিত
তুৰ্য্য বাজে
সূৰ্য্য নাচে
গণ হুংকাৰত পৃথিৱী কঁপে
হেংদাংত জিলিকিছে মৰণ পণ
প্ৰতিবাদ বিপ্লৱেই আমাৰ জীৱন
ধৰ্মীয় কুখ্যাত সন্ত্ৰাসবাদ
নহয় যদি উৎস্খাত
অৰ্থহীন অস্তিত্ব ৰক্ষাৰ আন্দোলন অৱৰোধ
হুংকাৰ প্ৰতিবাদ