মায়ামোহ আবিষ্ট দুৰ্ভেদ্য দুৰ্গম দূৰ্গ
হয় যদি চুৰ্ণ বিচুৰ্ণ
কালশ্ৰোত নিৰুদ্ধ হৈ হ’লে বেদশূন্য
স্থিতপজ্ঞ যোগ সমাধিস্থ
Author: প্ৰণৱৰঞ্জন শইকীয়া
আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি
অজ্ঞৰ যজ্ঞত সূৰ্য্যৰ সংকট
মৌন পৃথিৱী ধুম্ৰাচন্ন ভৱিষ্যত
অবিচাৰ অত্যাচাৰত আজি পঙ্গু বাস্তৱ
সত্য প্ৰেম ন্যায়ৰ পথ আজি হ’ল বইকত
সেই সকল নহয় প্ৰকৃত কবি
যি আত্মগৌৰৱান্বিত পদধ্বনি কৰি
ইৰ্ষা অৰ্থ চক্ৰান্তৰে সন্মান ফুৰে বিছাৰি
আনক তুচ্ছ তাৎচিল্যৰে সমালোচনা কৰি
অখণ্ডমাধুৰ্য্যমণ্ডলমণ্ডিত অনৱচ্ছিন্ন
সুৰম্য শৈল্পিক অনিৰুদ্ধ ছন্দস্পন্দিত
বাস্তৱৰিক্ত অনন্য অনন্ত অমিয়া অনুভৱদীপ্ত
অখণ্ড অময়া অনন্য সুললিত সুৰীয়া
আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি
ভ্ৰান্তি আৰু বিদ্বেষ বিয়পায়
যিয়েই সমাজ কৰে বিষাক্ত
সিয়েই নৰাধম
তীব্ৰ প্ৰতিকুলতাত তিষ্টি থাকিব পৰা জনহে
সুদৃঢ় সুনিপুন আত্মবিশ্বাসেৰে তীব্ৰ শক্তিশালী
ঐশ্বৰ্য প্ৰাচুৰ্য শূন্য হ’লেও
ধনতান্ত্ৰিক ৰাজতন্ত্ৰৰ নিৰ্মম নিষ্ঠুৰ নিষ্পেষণত
জীৱন্মৃত এতিয়া গণতন্ত্ৰ প্ৰজাতন্ত্ৰ
মুখত ঐক্যতাৰ গান জন গন মন বন্দেমাতৰম
পেটত দুৰ্নীতি কুটিল স্বাৰ্থ আৰু ষড়যন্ত্ৰ
যি ভক্তিয়ে
ভগৱত ভক্তিক নকৰে আকৰ্ষিত
সেই ভক্তি ধ্ৰুৱস্মৃতি অন্বিত হ’লেও
নহয় প্ৰাণৱন্ত