মই ভবাৰ দৰে তুমিও ভবা হ’লে মোৰ কথা
ইমান নীৰস নহ’ল হেতেন এই পৃথিৱী
ময়ো নহ’লো হেতেন নিঠৰুৱা
পলসুৱা প্ৰেমৰ পলাশী বাটেৰেগৈ
Author: প্ৰণৱৰঞ্জন শইকীয়া
মোৰ প্ৰেমিকাক
আজিলৈকে মই লগ পোৱা নাই
শ্যামল বিমল বৰ্ণিল বাস্তৱত
তেওঁক দেখো
মই হয়তো
কবিতাৰ বাবেই জীয়াই আছো
কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে
মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো
এফালে অসহ্য ভোক
আনফালে ত্ৰাসৰ দুৰ্ব্বাৰ ধুমুহা
অকোৱা পকোৱা পকনীয়া
মুষলধাৰ বৰষুণ
নদীৰ তান্ডৱী তৰ্নাষ্ঠিময় ঘনঘোৰ গৰ্জন
আনৰ বাবে
আন্তৰিকতাৰে থাকোতে লাগি
সৰহ ভাগ সময়েই যায় উৰি
নিজৰ বাবে সময় নেথাকে সমুলি
তথাপিও মানুহে জাপে দোষ
উপৰ্যুপৰি হেঁচাঠেলা কৰি
হাতত ফুললৈ
এতিয়া আহিছা কিয় মোৰ কাষলৈ
অহাটো তোমাৰ বহুত দেৰিহৈ গ’ল
বহুত দেৰিহৈ গ’ল
সেই জীৱনৰ দিন বোৰেই আহিছো পাৰ কৰি
কৰ্মৰ বাদে জাৰ জহ বৰষুণ যি নেপায় চিনি
সহ্য ধৈৰ্য্য যুদ্ধই যাৰ আজন্ম সতেজ লগৰী
শোষণ নিষ্পেষণ নিপীড়নৰ যি অহৰ্নিশে বলি
মই হয়তো
কবিতাৰ বাবেই জীয়াই আছো
কবিত্বৰ মহত্ত্বৰে মুগ্ধ মোৰ আত্মাৰ অনুভৱেৰে
মই নিত্য সত্য সৌন্দৰ্যৰ সুৱাসী সপোন দেখো
কৰিমেই যুদ্ধ হ’মেই বিজয়ী
পৰাজয় নলও নলও স্বীকাৰ কৰি
আগুৱাইছো আগুৱাম নৰও থমকি
হেৰুৱা নাই আত্মবিশ্বাস আত্মশক্তি
অনাসুয়া অন্তৰ সপি
প্ৰকৃতিৰ আত্মাক
আৰক্তিম অমৰ প্ৰেমেৰে ভালপোৱা
আত্মাত আত্মা থৈ