বাঁহীৰ সুৰৰ ঝংকাৰ তুলি
মোৰ বৃন্দাবনত কোন কানাই
মোৰ এপিয়লা প্ৰেমৰ ফটিকা খায়
কোন ৰাধাই নুপুৰ বজায়,
Author: ননী বৰুৱা গগৈ
সংগ্ৰামী আজি আমি সংগ্ৰামী
কৃষক, শ্ৰমিক, হালোৱ, বনোৱ সৱে
আজি আমি সংগ্ৰামী
বিপ্লৱী আজি আমি বিপ্লৱী,
কৃষকৰ ৰঙা তেজেৰে গাঠিম
তোৰ ভালপোৱাবোৰ
মোৰলৈ বৈ আহে
একাঁ বেকাঁ বাটেৰে,
ৰ’দত দহি
বৰষুণত তিতি
শব্দৰ গোন্ধত বিচাৰি ফুৰো তোক
নষ্টালজিত বন্দী তই শৰত,
তোৰ আগমনত কবিয়ে মন্ত্ৰপাঠ কৰে
এক মধুৰ সানিধ্যত।
দায়িত্ব তাগিদাত নে
কৰ্তব্য তাগিদাত নে
নৈতিক নিয়ন্তাৰ স্বাৰ্থত,
আপোচহীনতাত
পকনীয়াৰ পাকৰ দৰে সোমায় পৰিলো