সৰাপাতে সৰি ক’লে,
মন কেনভাচৰ এটি বছৰ সৰি গ’ল।
বতাহে ভাহি আহি ক’লে,
মন দৰ্পনত নতুন বছৰৰ আগমন হ’ল।
Author: মানিক পাল

আহিবা এদিন জোনাক নিশা
বুকুত প্ৰেমৰ বতৰা লৈ
নৈৰ পাৰত বহি দুয়ো মিলি
গণিম আকাশী তৰা।

কাণ কৰ
কাণ দি
মন দি
কঁকালত টঙালি বান্ধি, শুনা নৱপ্ৰজন্ম
হে, জীৱ শ্ৰেষ্ঠ মানৱ
নিজৰ বাবে ডাঙৰ ডাঙৰ দালান গঢ়িছা,
গঢ়িছা ৰম্য ৰমণীয় বাসস্থান বাসভৱন।
পিছে মোৰ বাসস্থান কিয় কালদগ্ধ কৰিছা?
গছ-বন কাটি কিয় লঠঙা কৰিছা?