হৃদয়ৰ ন্যস্ত কোনত অভ্যূৎখান ঘটা
অন্তৰীপৰ মাজত এইয়া কিহৰ নমস্যতা
যৌৱনৰ তৃঞ্চাতুৰ প্ৰাণত
ভাগৰি যোৱা উৰন্ত কনিকাৰ
ধূসৰ অমানিশা,
Author: জিন্টু মনি বৰা
ধেমাজি বুলিলেই নাভাবিব
কেৱল বাৰ মাহে বানত ডুবি থাকে,
নাভাবিব কোনো ঐতিহাসিক ঠাই নাই বুলি
আন আন ঠাইবোৰ চাবলৈ যোৱাৰ দৰে
আহিবচোন এবাৰ
পৰ্বতীয়া জুৰিটিয়ে কিহৰ সুৰ তানিছে
নিৰৱতাৰ,
ঠিকেই,নিৰৱ নিস্তব্ধ
সেউজৰ মাজেৰে জীৱন্ত গীতৰ কলি,
স্হবিৰতাৰ আলোকৰ বন্যাৰে
চিনাকি সুহুৰিটো লুকাই যোৱাৰ
অঘোষিত আখৰা।
ঐ অভিমানি মিচ্ অনামিকা বৰুৱা
মন গ’লে আহিবা
তোমাৰ বাবে খালি কৰি ৰাখিছোঁ
তোমাৰ নামত খোদিত কৰা
মৰমৰ কোৱাৰেন্টাইন।
শীতৰ স্নিগ্ধ পৰশত
উদ্ভাসিত প্ৰতিটো ক্ষণ
জীৱনৰ আঁউসী বিলীন হৈ
জোনাকৰ লহৰ সানি
জীৱন্ত হওঁক প্ৰতিটো মধুৰ দিন।
ঐ মোৰ আপোন প্ৰেয়সী
মোৰ হৃদয়ৰ ডায়েৰীত
কতবাৰ, কতবাৰ লিখিলোঁ তোমাৰ নাম
কিন্তু তুমি উমান ল’ব নাজানিলা
মোৰ সমস্ত ভালপোৱাক
খত হাঁহি লৈ
নিতৌ নতুন সৃষ্টিৰ বাবে
দৌৰি ফুৰা ল’ৰা বোৰক বৰ মৰম লাগে।
হাঁহি বোৰত লীন হৈ থাকে
অজশ্ৰ ভালপোৱাৰ ৰঙীন ছবি,