তুমি কেলেই আহিছিলা এই বেলি
সীমান্তইদি বেদনা গধুৰ হৈ
নিষ্ঠুৰ নিয়তিক লৈ
ৰাজ পথেদি সন্ত্ৰাসী হৈ
কোনো বিৰহীৰ সপোন ভাঙি
Author: যাদৱ চন্দ্ৰ কাকতি
কঠিন শিলত কতা সূতাৰে গঁঠা
মোৰ জীৱনৰ দীঘ বাণী
পাৰিবানে বাচিব বুটা সেউজীয়া
জ্বলন্ত বহ্নি শিখাৰ ৰঙেৰে ?
পৰা যদি আহিবা। বাচিবা বুটা।
মনে সজা ভঙা পজাঁৰ তলত
তোমাৰ সান্নিধ্যৰ সুধাই সিচি গ’ল
মোৰ হৃদয়ৰ বাকৰিত
কোনেও নুশুঙা ফুলৰ সুবাস
ইয়াতেই
হয় ঠিক ইয়াতেই
মোৰ হিয়াত দপ্ দপাই পাৰ হৈ যোৱা
এটি মধুময় উতলা সন্ধিয়াত
শিক্ষক নহয় এটা চৰ্তসিদ্ধ শব্দ
অভিপ্ৰেত অৰ্থ তাৰ বিজ্ঞান সন্মত।
শিক্ষকৰ শিক্ষকতা
শিষ্টাচাৰ ক্ষমা কৰুণাদীপ্ত কৰ্তব্যপৰায়ণতা
আছেনে হিয়াত তোমাৰ
সেই পৰশমনি
যত গলাব পাৰি
আপোন হৃদয়খনি ।