চ’ত মহীয়া
ৰিঙা ৰিঙা বতৰত
ধুলিৰ ধুমুহাই
ছানি ধৰিছিল আকাশ।
Author: হৰমোহন কলিতা
যোৱাটো ব’হাগত
বিহুৱান খনৰ
মাজত সুমাই দিয়া
ৰঙা গোলাপ পাহী
সাঁচি ৰাখিছো সযতনে।
উতনুৱা ফাগুনৰ
চঞ্চলা বতাহ জাকে
আৱৰি ধৰিছিল
মৰমৰ আবেগেৰে।
বাকৰুদ্ধ আজি জনতা
চাৰিওফালে উৰিছে
কেৱল অবিশ্বাসৰ ধোঁৱা।
আকাশৰ নীলাবোৰ
যদি নাইকীয়া হয়
হওঁক।
সাগৰৰ পানীবোৰ
যদি শুকাই যায়
সুৰ সুৰীয়া
সৰু গলিটোৰে
সোমাই গৈছিলোঁ
তোমাক বিচাৰি।
আন্ধাৰবোৰে ঘেৰি ধৰিছে
চাৰিওফালৰ পৰা
ডাঠ চামনিৰ প্ৰলেপৰ
আচ্ছাদনত গভীৰৰ পৰা
গভীৰতৰ হৈছে সময়।
হে উষা-
তোমাৰ কাজলসনা
দুচকুত নাচিছে সপোন
হিয়াৰ দাপোনত জিলিকিছে
সুন্দৰ কোঁৱৰৰ ছবি।
মই তোমাৰ সৈতে
সহবাস কৰিছোঁ
তোমাৰ প্ৰতিটো
উশাহৰ সৈতে
মিলি গৈছো
বাৰে বাৰে।
মই তোমাৰ শৰীৰত
কেৰেলুৱাৰ দৰে
বগাই গৈছিলোঁ।
তোমাৰ দেহৰ
প্ৰতিটো ভাঁজত
জুখিছিলো
উঠা নমাৰ গভীৰতা।