যুক্তিবাদী আছিল পিতৃ
আৰু মাতৃ ধর্মপ্রানা ,
পিতৃ আৰু মাতৃ
তেওঁৰ চিন্তা চৰ্চাৰ অনুপ্ৰেৰণা।

যুক্তিবাদী আছিল পিতৃ
আৰু মাতৃ ধর্মপ্রানা ,
পিতৃ আৰু মাতৃ
তেওঁৰ চিন্তা চৰ্চাৰ অনুপ্ৰেৰণা।
প্ৰণামো হে নেতাজী,
ভাৰতবৰ্ষৰ জাতীয় নায়ক।
তেওঁৰ নীতি আদৰ্শ,
দেশৰ হিতে মঙ্গলদায়ক।
তুমি আৰু মই,
প্ৰেম উপচা মধুবনত।
নীলিম আকাশৰ তলত,
বহিছিলোঁ লুইতৰ পাৰত।
উচাহ আৰু প্ৰেমৰ
নৱ প্ৰকাশ,
ফৰকাল মাঘৰ মাহ
ফৰকাল মনৰ নীল আকাশ।
বলা অতীতলৈ এভুমুকি
অতীতত আছেনো কি?
চাই যাওঁ এবাৰ
ৰৈ জুমুকি জুমুকি।
ফাগুন আহিব,
ভাৰসাম্য উষ্ণতাৰ। বননিত ফুলিব,
শিমলু, পলাশ, মদাৰ।
হব গীতৰ অমৃত পান,
মন্ত্ৰমুগ্ধ হৃদয়জান।