মোৰ স্বপ্নৰ তালিকাত
লওক সুখময় জগত গঢ়,
নিজান গ্ৰহত হওক
আমাৰ এটি সৰু ঘৰ।

মোৰ স্বপ্নৰ তালিকাত
লওক সুখময় জগত গঢ়,
নিজান গ্ৰহত হওক
আমাৰ এটি সৰু ঘৰ।
জীৱনৰ প্ৰতি পল
জীৱনৰ প্ৰতি ক্ষণ,
অটুট আত্মবিশ্বাস
আভ্যন্তৰীণ শক্তিৰ ইন্ধন।
অসমৰ কণী যুঁজ
সকলোৰে প্রিয় খেল,
বিহুৰ উৰুকালৈ
কণী যুঁজৰ মেল।
আলসুৱা হিয়াত
বাজিছে গীতৰ ঝংকাৰ,
অসংখ্য অনুভূতিৰে পূৰ্ণ
সোণালী স্বপ্ন নিৰাকাৰ।
গছৰ কোমল কুঁহিপাত
সুৰঞ্জিত বিভূষণত,
কবিৰ হিয়া উৎফুল্লিত
কুলি-কেতেকীৰ মধুসুৰত।
মাতাল নৱ যুৱ প্ৰজন্ম
গভীৰ নিচাত,
সা-সম্পত্তি বিক্ৰী
আবেগৰ হেঁচাত।
নৱ বৈষ্ণৱ ধৰ্মৰ
ধৰ্মীয় অনুষ্ঠান ,
নামঘৰ গুৰু শংকৰৰ
ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থান।
একশৰণ ভক্তিধৰ্মৰ প্ৰচাৰক
অসমীয়া নাট্যকলাৰ জন্মদাতা,
অসমীয়া জাতি-সাহিত্য
আৰু কৃষ্টি-সংস্কৃতিৰ নিৰ্মাতা।