ভীৰ নিশাৰ নিস্তব্ধতাক নিউ নিউ কৈ চিঞৰা ফেঁচাৰ শব্দবোৰে অধিক ভয়াৱহ কৰি পেলাইছে। নীলাভ অহালৈ অতি অপেক্ষাৰে ৰৈ থকা নীলাঞ্জনাই ওপৰমুৱাকৈ বিচনাখনত পৰি , বাৰে বাৰে ভগৱানৰ নাম লৈছে। শুই থকাৰে পৰা অকণমানো লৰচৰ নকৰাকৈ চকু দুটাৰে ইফালে সিফালে চাইছে। হঠাৎ বাহিৰৰ পৰা অহা মেকুৰীৰ মাতত নীলাঞ্জনাই উচপ্ খাই উঠিল।
Author: ডিম্পী কলিতা
শৰতৰ নিশা, শেৱালিৰ সুবাসেৰে উপচি পৰিছে হোষ্টেলৰ চৌপাশটো। বেলকনিতে ৰৈ থকা অনন্যাই দীঘলকৈ উশাহটো টানিলে, শেৱালিৰ আমোল-মোল গোন্ধই তাইক বাৰে বাৰে মতলীয়া কৰিলে। ৰাতিৰ নিৰ্জনতা ভেদি কৰবাৰ পৰা ভাঁহি অহা চিঞৰে উন্মনা হৈ পৰা অনন্যাক শংকিত কৰিলে।