“কাঁহিলি পুৱাতেই
ঢপলিয়াই
আহে মোৰ হৃদয়ৰ মাজলৈ
এক ৰ্মমান্তিক
দুখ।

“কাঁহিলি পুৱাতেই
ঢপলিয়াই
আহে মোৰ হৃদয়ৰ মাজলৈ
এক ৰ্মমান্তিক
দুখ।
মোৰ কলিজাৰ নিভৃত কোনত
শব্দ বোৰ নিগাজীকৈ ৰাখিছো সাঁচি।
হঠাৎ কেতিয়াৱা,
কেঁচা তেজৰ বুৰবুৰণিত
হঠাৎ শুনিলো মেঘৰ কোলাহল
খিৰিকীৰে চাই ৰ’লো
বহু পল
ঢপলিয়াই আহিছে বৰদৈচিলা নিমিষতে কৰিব গ্ৰাস
কল্পনা বোৰ বোকোচাত বান্ধি
পৰীভ্ৰমী চৰাই দৰে!
ঘুৰি ফুৰো মুক্ত আকাশৰ তলত।
ওখোৰা মোখোৰা পথ
উজুতিত ভাঙে মোৰ নখ
মোৰ আকৌ এবাৰ জানিব মন যায়
তোমাৰ ইতিহাস!
মোৰ আবেগ ভৰা মনৰ সুযোগ লৈ
তুমি ধুমুহাৰ গতিৰে আহি—
নিশা আকাশত
অযুঁত তৰাৰ ধেমালি দেখি
মোৰ আকাশ চুবৰ মন।
নিজান ৰাতি
সপোন দেখিছো
কাৰেঙ ঘৰ সাঁজিছো