“জন্ম হ’লে মৃত্যু অনিবায্য”
এইটো চিৰন্তন বাস্তব সত্য।
তথাপিতো……
Author: ববিতা গোস্বামী
স্বৰ্কীয় প্ৰতিভাৰে বহাগ আহে
পৃথিৱীলৈ।
ঠেঁটুৱে ধৰা শীতত নিৰস হৈ পৰা,গছ-লতিকায়ো সজীৱ
হৈ পৰে,বসন্তৰ আগমনত।
বহাগৰ মৰম কঢ়িয়াই
বহাগ আহি ৰলেহি মোৰ পদুলি মুখত।
বসুন্ধৰাৰ অনুপমা সৃষ্টিৰে
ৰঙীল সাজেৰে সাজোনমতী হৈ ধৰালৈ নামিল
সৃষ্টিকৰ্তাৰ যাদুকৰি পৰশত
প্ৰান পাই উঠা চতুৰ্দিশে
কেৱল সৌন্দৰ্যৰ বিপুল সম্ভাৰ
ঝাও বনৰ মাজে মাজে
মোৰ হৃদয়ৰ তুমি
ৰাজতৰঙ্গিনী।
মোৰ বুকুৰ উশাহত নিতৌ
ফুলি থকা এপাহী সদ্যপ্ৰস্ফুটিত সিক্ত ৰক্ত গোলাপ।
এক অনামী শিল্পীৰ প্ৰেমত পৰিছো
আকৌ এবাৰ
তুলি লৈছো আকৌ এবাৰ বুকুৰ ৰক্ত কনিকা
বিয়পাব বিচাৰিছো পৰিস্কাৰ হৈ থকা
বগা দিস্তাজোৰা কাগজৰ পাটত তেজৰ ৰং তুলিকা
শীতৰ কুঁৱলীৰ আবেশত
মোৰ মৌন হৃদয়ৰ তন্ময়তা
ভাঙি ভৰি পৰে পুঁৱাৰ
সোনালী কিৰণৰ হেঙুলীয়া
আভা মোৰ মন মগজুত।
শীতৰ এটা উম লগা সন্ধিয়া
নিৰ্জন আৰু নিসংগতাৰ
সুযোগ লৈ বহি আছো অকলশৰে জুহালৰ কাষত।
বাহিৰত তেতিয়া টোপ-টোপ কৈ সৰিছে ঠেৰেঙা লগা শীত
জুহালৰ কাষত গলিছে মোৰ হৃদয়।