দিন গল মাহ গ’ল
আহিল ফাগুনৰ প্ৰথম পুৱা,
কৃষ্ণ পক্ষৰ শব্দহীন নিশা
আজি জোনাক সৰা প্ৰথম পুৱা।
Author: অনন্ত কুমাৰ ভুঞা
তুমি জানো
সপোনত দেখিছিলা মোক?
তুমি জানো
সপোনত সুধিছিলা
মই ৰূপহী জোনাক
মই প্ৰজ্বলিত দীপক
প্ৰহৰী আন্ধাৰ নিশাৰ
মই সমন্বয়ৰ এটি সেতু
সাধনাৰ ৰণুৱা সৈনিক,
ওখোৰা মোখোৰা পথ
উজুতিত চিগে নখ,
ইচ্ছাশক্তি প্ৰৱল উদ্যম সৱল,
তাহানি কালতে আইতা জনীয়ে,
নৱ জাতক ভুমিষ্ঠ কৰাছিল
কল পাতত শুৱাই,
জৰাফুকা পানীৰে গৰ্ভ খালচ কৰিছিল।
পাট গাভৰু মই
জীয়া অনুভৱে কন্দুৱাইছে জীৱনৰ বাটত
অবাঞ্চিত সপোনে
কোঙা কৰিছে জীৱন,
দুষ্ট জোনাক
আজি যে কৃষ্ণ পক্ষ
আহিব নোৱাৰ কাষলৈ।
আজি আকাশত উজ্জলিব
এজাক তৰা
সুকুমল হৃদয়ত ওপজে ,
আবেগৰ গভীৰ অনুভৱ।
এদিনো জুখি চাব পৰা নাই,
অনুভৱ কিমান মধুৰ!
কোনো দিন ধুমুহাক সোধা নাই,
লগত আবেগ কিয় আনে সদায়?
বিজুলীক এদিনো সোধা নাই,
পোহৰ লগত লৈ,
কোন বাটেদি গুছি যোৱা তুমি!