বছৰটোৰ বিদায় ক্ষণ
হ’ল সমাগত ,
তিতা -মিঠা অভিজ্ঞতা
থাকিল লগত ;
আগন্তুক বছৰ যেন
আশাপূৰ্ণ হয়,
তাকেই কামনা কৰোঁ
প্ৰভূৰ চৰণত|
Author: অঞ্জনা বৰা দত্ত
হৃদয়ৰ নিভৃত কোণত
আঁকি ললো তোমাৰ ছবি
হৃদয়ৰ নিভৃত কোণত
তুমি মোৰ বা,
তুমি মোৰ ভণ্টী,
তুমি দাদা,
তুমি ভাইটি,
তুমি দেৱৰ,
তুমি মোৰ অন্তৰ জয় কৰা
বুকুত অদম্য উৎসাহ লৈ
জপিয়াই পৰিছিল
বিদেশীমুক্ত কৰিবলৈ
অসমৰ বুকুত|
আমি সকলো অসমীয়া।
কোঁচ,কলিতা,আহোম , কছাৰী,কৈৱৰ্ত,বড়ো,
মিচিং,বঙালী ,মজদুৰ
আদি শব্দৰে আমাক