আজি আপোনালৈ বৰকৈ মনত পৰিছে আপোনাৰ সেই মুখখন
কৰ্তব্য আৰু দায়িত্বৰ মাজতো
আপোনাৰ সেই সদাব্যস্ত মুখখন
Author: অঞ্জনা বৰা দত্ত
দুৰ্বিষহ বছৰ এটি
পাৰ কৰাৰ পিচত
স্বস্তিৰ নিশ্বাস এৰিছে
বিশ্বৰ লগতে
অসমৰ জনগণে|
নিষ্ঠুৰ বাস্তৱক
আওকাণ কৰি
তোমাৰ পৰা তাই
আঁতৰি আহিলে
নিষ্ঠুৰ বাস্তৱক
আওকাণ কৰি
তোমাৰ পৰা তাই
আঁতৰি আহিলে,
ৰূঢ অতীতক
ভৰিৰে গচকি
নতুন পথৰ
সন্ধানত নামিলে।
শাৰী শাৰী কঁহুৱা ফুলে
শুভ্ৰ বসন পিন্ধি
লয়লাস ভংগীমাৰে
নৃত্য কৰি কৰি
কাৰ অপেক্ষাত বাৰু
সময় কটাইছ?
জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জী-জোঁৱাই,পুত্ৰ- বধূৰ
ব্যস্ত জীৱন |