কৃষ্ণৰ জ্যোতিময় চৰণ কমলত অমল অভিনিৱিষ্টতাৰে আত্ম উৎসৰ্গা কৰি যি অচিন্ত্য অনন্ত অনিবৰ্চনীয়া স্বপ্নময়ী অনিৰ্বাৰ আত্মিক আনন্দ অনুভূতি প্ৰাপ্তি হয়
All Posts

প্ৰেমৰ বটিয়া বাটি বিষাদৰ মালা গাঁঠি
সৃষ্টিৰ আনন্দ বুলাই
অশ্ৰুৰে ধুৱাই ধুই নুমাও হিয়াৰ জুই
তৃষাৰ নদী বাগৰাই

শীতৰ মাদকতা——-
আৰু আমেজ লৈ
বৰদিনৰ ঘণ্টা ধ্বনি
আৰু কেৰলৰ সুৰে সুৰে,

সুৰম্য সুগন্ধি সুৰীয়া গ্ৰন্থ প্ৰকাশ
মহান মহত্ব নিহিত সৃষ্টি চিন্তাৰেই
সুন্দৰ শৈল্পিক সংস্কাৰী সুৱাস

মোৰ অনঙ্গত এতিয়া
অনন্ত নিৰাশাৰে নিৰস
উলঙ্গ পৃথিৱীৰ নিৰ্জল নদীৰ
নিৰ্বাক বসন্ত

গ্ৰন্থ প্ৰকাশ
ভাষা সাহিত্য সংস্কৃতিৰ উতৰোত্তৰ সাধন সাধি
দেশ জাতিৰ ভৱিষ্যত ঐশ্বৰ্য মণ্ডিত কৰাৰ
এক স্বনিত বৰ্ণিত প্ৰজ্ঞা প্লাৱিত

সোণাৰু বুলীয়া বাটতত তোমাক লগপায়েই
নতুনকৈ দেখিলো পৃথিৱীখন উল্লাস উন্মুক্ত উৎসাহৰ উৎকলিত ধাৰাৰে