আঘোনৰ নিৰিবিলি সোনোৱালী পথাৰত
হেঙুলীয়া হেমন্তৰ হেঙুল হাইতাল সনা ৰ’দ
বিষাদ বিষাদ উদাস উদাস হতাশ হতাশ

আঘোনৰ নিৰিবিলি সোনোৱালী পথাৰত
হেঙুলীয়া হেমন্তৰ হেঙুল হাইতাল সনা ৰ’দ
বিষাদ বিষাদ উদাস উদাস হতাশ হতাশ
সহ্যৰ সীমা চেৰোৱা অসহ্যৰ কক্ষপথত
ধৰ্মনিষ্ঠ ধ্যানেৰে ধৰিলে ধৈৰ্য্য
অপ্ৰতিৰোধ্য হ’বই সূৰ্যৰ বীৰ্য্য
উগ্ৰ উতপ্ত ভূগৰ্ভ মোৰ বক্ষ
জলন্ত আগ্নেয়গিৰিৰ গলিত পদাৰ্থ
মোৰ দুৰ্মদ দুৰ্দ্দন্ত উদাত্ত কণ্ঠ
কলমত চিয়াঁহী নাই মোৰ
তথাপি লিখাৰ আশা
হৃদয়ৰ চিয়াঁহীৰে
লিখিছোঁ মই
তুমি বুজিবানে মোৰ মৰমৰ ভাষা।
আছেনে হিয়াত তোমাৰ
সেই পৰশমনি
যত গলাব পাৰি
আপোন হৃদয়খনি ।
তোমাৰ দুচকুৰ জলন্ত অগ্নিশিখাত
দেই পুৰি মৰে কত জন,
ওঁঠৰ পৰাণ জুৰোৱা হাঁহিত জঁই পৰে
কহুঁৱা কোমল খৰিকাজাঁই।
হৃদয় অজস্ৰ ভাৱনাৰে আপ্লুত
জানো কিবা মনত খেলি মেলি
ভিন্ন চিন্তাৰ ঢৌ উঠিছে মনত
কিন্তু কবলৈ একো নাই।