শব্দ বিহীন স্তব্ধ নিশা
বুকুত জাগে অব্যক্ত তৃষা

শব্দ বিহীন স্তব্ধ নিশা
বুকুত জাগে অব্যক্ত তৃষা
মই নিবিচাৰো,
মোৰ পৰিশ্ৰান্ত দেহৰ বাবে
লৱণু কোমল পাটী।
বেৰৰ জলঙাৰে আকাশৰ তৰা লেখি
মই শুনিব খোজো,
কাব্যশিল্প কনককান্তি কল্লোলিত
অনিন্দ্যসুন্দৰ অনিবৰ্চনীয়
আত্মসন্তুতি অন্তৰ্নিহিত
প্ৰৱল প্ৰতাপী পৱিত্ৰ অখন্ড প্ৰেমমণ্ডলমণ্ডিত
কাণ কৰ
কাণ দি
মন দি
কঁকালত টঙালি বান্ধি, শুনা নৱপ্ৰজন্ম
মাতাল মই,
মাতাল তুমি
মই ৰঙীন সুমথৰ ৰাগত
তুমি নানাৰঙী মুখাৰ আগত।
কোনো এটি নিচা লগা সন্ধিয়া
মুঠিত শব্দৰ সম্ভাৰ
শূণ্যৰ বুকু পুৰাবলৈ
শব্দৰ সৈতে টনা আজোঁৰা