বুকুত অদম্য উৎসাহ লৈ
জপিয়াই পৰিছিল
বিদেশীমুক্ত কৰিবলৈ
অসমৰ বুকুত|

বুকুত অদম্য উৎসাহ লৈ
জপিয়াই পৰিছিল
বিদেশীমুক্ত কৰিবলৈ
অসমৰ বুকুত|
তুমি খং কৰা মই
তোমাৰ অভিমান ভাঙিম।
তুমি নামাতিলেও
মই তোমাক মাতিম।
ফাগুন আহিব,
ভাৰসাম্য উষ্ণতাৰ। বননিত ফুলিব,
শিমলু, পলাশ, মদাৰ।
হব গীতৰ অমৃত পান,
মন্ত্ৰমুগ্ধ হৃদয়জান।
আহিবা এদিন জোনাক নিশা
বুকুত প্ৰেমৰ বতৰা লৈ
নৈৰ পাৰত বহি দুয়ো মিলি
গণিম আকাশী তৰা।
এনে নহয় যে অনুভূতি বোৰ নোহোৱা হৈ গ’ল
জীৱনৰ সমাধিত হে অনুভৱ সমাধিস্থ
তথাপি লিখিবলৈ মন গ’ল
শেষৰটো কবিতা
আউসীৰ তমসাৰে ভৰা এক
জয়াল অবুজন পৃথিবীৰ
মানুহবোৰৰ মাজত জীয়াই
আছো কথমপি উশাহটি লৈ।
আহিনৰ পথাৰৰ ৰুৱনী হ’বলৈ
ব্যস্ত নগৰখন কিছুদিন এৰি
আহিবাচোন মোৰ ঘৰলৈ।
মূৰত জাপি, ককালত টঙালি বান্ধি
আহিনৰ পথাৰৰ হালুৱা হ’ম মই।
কুঁৱলীৰ মুকুটা সৰে
দুৱৰি বনত
শীতৰ সেমেকা পথত,
এচপৰা শেলুৱৈ ধৰা শিলৰ ফাঁকত
শব্দ বুটলি
বুকুৰ কেঁচা ঘা টুকুৰা
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয় তাৰ বিষ,
তোমাৰ মৰমে আজি
হৃদয়ৰ আভ্যন্তৰত
উত্তাল তৰংগৰ সৃষ্টি কৰিছে
জীৱনৰ প্ৰতি খোজে খোজে