যাৰ বাবে মই
সৃষ্টিকৰ্ত্তাৰ সৃষ্টি
মানৱৰ ৰূপ লৈ এই
ধৰাত উমলিছোঁ
তেৱেঁ মোৰ বন্দিত মৰমৰ মা।
All Posts

শিক্ষাগুৰুৰ জুলুঙা ফুটি
তপতপকৈ বৰষিব জ্ঞানবৃষ্টি
জ্ঞানপিপাসুৱে বুটলিব থপাথপি

শাৰী শাৰী কঁহুৱা ফুলে
শুভ্ৰ বসন পিন্ধি
লয়লাস ভংগীমাৰে
নৃত্য কৰি কৰি
কাৰ অপেক্ষাত বাৰু
সময় কটাইছ?

দুদিনৰ বাবে আহি
ৰৈ আছো মই আজি
মহানগৰৰ মাজ মজিয়াৰ
ব্যস্ত এটা ৰাজ পথৰ দাঁতিত

ধীৰে ধীৰে যোৱা হেৰা,
সময়নাচনীজনী
পিচলৈ চোৱা!
চেৱত চেৱ মিলাই কিমান আৰু নাচিম!

আহাঁনা নতুন বছৰটোত
নতুনকৈ সজাওঁ মৰমবোৰক।
হিয়াৰ আকুল আহ্বানবোৰক।

মুকুট বিহীন সম্ৰাটৰ
স্বৈৰতন্ত্ৰতাত পনবন্দী
নিৰ্যাতিতৰ শ্লোগান,
দুৰাৰোগ্য অচিন ৰোগৰ
আৰোগ্যৰ বিধান বিছাৰি বিছাৰি
হাহাকাৰ অসম,ভাৰত, পৃথিৱীত।