ঘৰখনৰ সকলোৱে বৰকৈ জোৰ কৰাত সিও ওলালে ক’ৰ’নাৰ ভেকচিন ল’বলৈ।গাড়ীৰ দৰ্জাখন খুলি দিয়াত সি বহি ল’লে ভালকৈ।তেনেতে গাড়ীৰ ভিতৰৰ পৰা ঠাণ্ডা ঠাণ্ডা বতাহ লাগিলত তাৰ গাড়ীখনৰ পৰা নামিবলৈকে মন নাছিল।অৱশেষত ক’ৰ’নাৰ ভেকচিন দিলে আৰু আকৌ আহি ঘৰ পালেহি।ভেকচিন ল’লে বুলি সকলোৰে ই বৰ আৰাম ,তাৰহে ৰ’বলৈ সময় নাই।সকলোৰে মুখৰ আগত সকলো বস্তু যোগান ধৰিব লাগে।সন্ধিয়ালৈ মালিক-মালিকনী দুয়োজনৰে জ্বৰ উঠিলে।সি মনে মনে ভাবিলে,” হওঁক তেওঁ মোৰো জ্বৰ উঠিব আজি !মানে কামৰ পৰা অলপ ৰেহাই পাম। “পিছে সি যিমানেই জ্বৰ উঠাটো কামনা কৰিলে তাৰ কিন্তু জ্বৰ নুঠিলেই।তাৰ মালিক -মালিকনীৰ দুদিন ধৰি জ্বৰ হ’ল। সি মনে মনে ভাবিলে ,”প্ৰতিটো ক্ষেত্ৰতে ঠগাৰ দৰে , এইবাৰো তাক বেজী দিয়াৰ নামত এনেই হাৱা দিলে নেকি বাৰু!