তুমি জানো
সপোনত দেখিছিলা মোক?
তুমি জানো
সপোনত সুধিছিলা
মনৰ কথা?
বিচৰা উত্তৰ পালা নে নাই
গম নাপালোঁ‌ মই ,
মৌন হৈ কিয় ৰ’লা
তাৰো উত্তৰ নিদিলা মোক!
তুমি কিয়
হাবাথুৰি খোৱা নাই
বিচাৰি সপোনৰ উত্তৰ?
বাস্তৱত
শব্দ বোৰ ভাঙি নকলে
কি দৰে বুজিবা
কি দৰে জানিবা মোৰ মবৰ খৱৰ,
কিদৰে দেখিবা সপোনত পুনৰ!
মিচিকিয়া হাঁ‌হি জানো
উত্তৰ হয়,
সপোনত আগচি ধৰিলে
লগ পোৱা নুবুজায়।

Related Posts