মৰমৰ ওপজা গাওঁ খনি এৰি থৈ
নগৰীয়া সুখৰ স্বপ্নত সাতুৰি
সাৱতি ধৰিছোঁ আধুনিক মৰম।
আপত্তি বিহীন প্ৰমান পত্ৰ খন
মনতে সাচি আনিছোঁ
নগৰৰ গৰ্বিত বাসিন্দা হোৱাৰ সপোন লৈ।
গাওঁৰ সৰলতা হেলাৰঙে এৰি আহিছোঁ,
চহৰৰ যান্ত্ৰিকতাৰ সন্মোহনত বন্দী হৈ,
আজি সময় পুৰণা হ’ল
ব্যস্ততাপুৰ্ণ নগৰ আমনি লগা হ’ল।
আপোন সময় বিচাৰি
গাওঁলৈ ঘুৰি যাম মিঠা তিতা সপোন লৈ,
সেউজীয়া বাৰী দৰাত
এটি সৰু কুটিৰত জীৱন বিচাৰিম।
খোল তাল বাজিব নৃত্য গীত চলিব
ঝুনুকাৰ শব্দত টোপনি আহিব,
সেউজীয়া গছ পাতে আগুৰি ধৰিব
উপবন যে লাগিব পাচলি বাৰী।
সন্ধ্যা বন্তি জ্বলিব,
গাঁৱলৈ উভতি যাম কৃষ্টি বিচাৰি পাম,
গাওঁত জাগিব নৱ চেতনা,
উপজিব সাংস্কৃতিৰ ঐক্য ভাৱনা।