তুমি নাই বাবে
তোমাৰ প্ৰতি উশাহে উশাহে
মোৰ দেহত প্ৰতি পলে পলে
বিৰিঙে তোমাৰ প্ৰেম!
মোৰ সপোনৰ কাৰেঙত তুমি জোনাক
মোৰ মন ফুলনিত তুমি আলসুৱা গোলাপ।
আকাশে বতাহে শুনো তোমাৰ এষাৰি মাত,
দেখো তোমাৰ সাঁজোন-কাচোন ।
তুমি নাই বাবে মোৰ মনৰ কাৰেঙত
সাঁজিব পাৰো নতুন নতুন সপোন।
কাষলৈ আহিব নালাগে তুমি,
তুমি নাই বাবে
তোমাৰ প্ৰতিটো উশাহত
বিৰিঙে মোৰ দেহত তোমাৰ প্ৰেমৰ ঢৌ,
বহু নিশা উজাগৰেও কৰিছো পাৰ।
তুমি কাষ চাপি আহিলে,
মোৰ লাজুকী চাৱনিৰে কঁপা কঁপা মাতেৰে
হেৰাব পাৰে প্ৰেমৰ উৎসাহ,
ভাঙিব পাৰে নিশাৰ সপোন,
লাজত মৰহি যাৱ পাৰে ফুলনিৰ ফুল,
হেৰাই যাৱ পাৰে মোৰ কণ্ঠত কবিতাৰ সুৰ।
তুমি নালাগে আহিব কাষলে মোৰ,
তুমি দূৰে দূৰে থাকিও
তোমাৰ হাঁহিৰ সুৰত,মোৰ প্ৰতিটো উশাহত
ফুলিব এপাহি আলসুৱা ফুল !
জাগ্ৰত হ’ব দূৰে দূৰে থাকিও দুয়োৰে প্ৰেম,
উজ্বলি উঠিব এগঁচি চাঁকিৰ পোহৰত
আমাৰ দুয়োৰে প্ৰেম জনমে জনমে।