এক নিৰৱ কণ্ঠ
কম্পিত হয় মোৰ উশাহৰ লগন!
এপলক দৃষ্টিত
শুৱনি মোৰ হৃদয় কোঠালি!
বুকুৰ স্পন্দনত আজি কিয় জানোঁ
তোমাৰেই ভাৱনাৰ গুণগুণনি!
গধুৰ উশাহবোৰো বৈ যায়
কেৱল তুমি আৰু মই হৈ!
অনন্ত কালৰ দুটি সঙ্গী পক্ষী আমি
তুমি আৰু মই এক সুন্দৰ কল্পনাৰ
বাস্তৱায়িত ধ্বনি!