এবাৰ তোমাৰ গীতৰ ৰাগিনী হৈ
মিলি যাব খোজোঁ তোমাৰ সুৰৰ লগত।

এবাৰ তোমাৰ কবিতাৰ ছন্দ হৈ
মিলিযাব খোজোঁ বতাহৰ লগত।

এবাৰ তোমাৰ মৌন ওঁঠৰ শব্দ হৈ
বিয়পি যাব খোজো তোমাৰ হৃদয়ত।

এবাৰ তোমাৰ মনত সুখ হৈ বিৰিঙি
যাব খোজোঁ তোমাৰ ওঁঠত হাঁহি হৈ।

এবাৰ তোমাৰ জীৱন আশা হৈ
দেখাব বিচাৰোঁ তোমাক ৰঙীল সপোন।

এবাৰ তোমাৰ বুকুৰ হেঁপাহ হৈ জিলিকি
যাব খোজোঁ তোমাৰ চকুত আবেগ হৈ।

এবাৰ তোমাৰ প্ৰেমিকা হৈ
মিলি যাব খোজোঁ তোমাৰ উশাহ
আৰু আত্মাৰ লগত।

Related Posts