দেউতা,
তোমাৰ সতে মোৰ
উদন্ত বেলিৰ উঠন্ত পদূলিৰ
কিৰণময়ী যাত্ৰা আছিল,
তোমাৰ অনুভৱেই মোৰ জীৱনৰ
নিত্য নতুন দীপ্ত জ্যোতি।
মোৰ হিয়াৰ চিত্ৰবনৰ মিত্ৰ তুমি,
কোনো কালেই তোমাক পাহৰিব
নোৱাৰিম মই
তুমি যে বহিছা হৃদয়ৰ এচুকত
শেলুৱৈৰ দৰে এটা মৰমৰ চুম্বক হৈ।
এখোজ দুখোজকৈ খোজ দিওঁতেই
বেলিৰ কিৰণ হৈ পৰিল নিষ্প্ৰভ
তথাপি নাথামে মোৰ তীব্ৰবেগী চৰণ
মই যে তোমাৰ সপোনৰ দৌৰীফুৰা
মৰমৰ বনৰ হিৰণ।
ঠুনুট ঠানাক ভৰিৰে দৌৰি যাওঁ
তোমাৰ আবিৰ সনা মৰমৰ পিছে পিছে
তথাপি মই ভাগৰা নাই
মই যে তোমাৰ বিপ্লৱী জীয়ৰী
তোমাৰ সপোনৰ নীলা পৰী।
তোমাৰ মৰমতে সদায় থাকোঁ ব্যস্ত
টোপনিতোতোমাৰ বুকুত থাকোঁ শুই
মই যে তোমাৰেই মৰমৰ অভস্ত,
তথাপি নহওঁ মই অকনো ত্ৰস্ত।
হাৰ মনা নাই মই,নামানিম চকুলোৰ কাষত
প্ৰকৃতিৰ নিষ্ঠুৰ কন্টকময়ী বাটত,
যিমান আহে তুফান আহক
নাকান্দিম মই কোনো কাৰণত,
তুমি যে আছা মোৰ হৃদয়ৰ মাজত।
তুমি থাকিবা দুচকুৰ দুধাৰিত
নিচিন্ত হৈ নিলগত শুই
নকৰিবা মোৰ বাবে চিন্তা,
আছোঁ মই মৰমৰ বাটত
তোমাৰ বাবে থিয় হৈ।
নৱ নিৰ্মিত সপোনবোৰক
আকোঁৱালি লৈ।
দুহাতেৰে মৰমবোৰক স্পৰ্শ কৰিম
আগন্তুক দিনবোৰ তোমাৰ স্মৃতিৰ সৈতে
আগুৱাই যোৱাত নিজকে
বিপ্লৱী জীয়ৰী কৰি গঢ়ি তুলিম।
তোমাৰ মৰমেই মোৰ সপোন
তোমাৰ সপোনেই মোৰ বিপ্লৱ।