হাতত ফুললৈ
এতিয়া আহিছা কিয় মোৰ কাষলৈ
অহাটো তোমাৰ বহুত দেৰিহৈ গ’ল
বহুত দেৰিহৈ গ’ল
যন্ত্ৰণাময় প্ৰতীক্ষাৰ শৰশয্যাত
তৃষাৰে তিয়োৱা অশ্ৰুত ওপঙা
সপোন দেখি দেখি
মায়া মৰিচিকা খেদি খেদি
দুখ বেথা ব্যৰ্থতাৰে জীৱন সজাই সজাই
এতিয়া দেখোন যাবৰেই হ’ল
যাওঁগৈ আজি
যাবলৈ দিয়া
যোৱাৰ পৰত অন্তৰিকতাৰে কওঁ শুনা
সেন্দুৰীয়া সপোন বোৰ কিন্তু নিঃশেষ নহ’ল
পুণৰ জনম পোৱৰ তৃষাত
তৃষাবোৰ তৃষা হৈয়েই ৰ’ল
পুণৰ জনম পালে
পুণৰ মাতিম তোমাক
আত্মাৰ সতে এতিয়া আশাবোৰ মিলি গ’ল
প্ৰেম আৰু প্ৰজ্ঞাৰে পৃথিৱী চাই চাই
হেৰোৱা হৃদয়খন আজি মোৰ হৈ গ’ল
মোৰ কাষলৈ ফুলৰ মালালৈ
ওৰণীৰে মুখ ঢাকি সেন্দুৰৰ তৃষালৈ
অহাটো বহুত দেৰিহৈ গ’ল
বহুত দেৰিহৈ গ’ল
প্ৰেম আৰু পৃথিৱী সাৱতিলোৱা
মোৰ এই দুৰ্ভগীয়া অন্তৰ আত্মা
তোমালৈ বাট চাই চাই কেতিয়াবাই
তোমাৰ অজ্ঞাতেই অনঙ্গত মিলি গ’ল
অস্ত পথত চোৱা এতিয়া জ্বলো জ্বলো চিতা
নেলাগে আজি তোমাৰ প্ৰেমৰ মালা
পুণৰ জনমত লগ পোৱাৰ পূৰ্ণপ্ৰতিশ্ৰুতি ৰ’ল
এতিয়া আৰু লাভ নাই ধৰি
যাবলৈ দিয়া যাবৰেই হ’ল
মোৰ প্ৰেম বিছাৰি মোৰ কাষলৈ অহাটো
তোমাৰ বহুত দেৰিহৈ ণ’ল
বহুত দেৰিহৈ গ’ল