তোৰ ভালপোৱাবোৰ
মোৰলৈ বৈ আহে
একাঁ বেকাঁ বাটেৰে,
ৰ’দত দহি
বৰষুণত তিতি
ঘাট-প্ৰতিঘাটৰ সহিতে।
এন্ধাৰ ভটি
বতাহ খেদি বৈআহে
কলিজা ৰঙা তেজ,
ৰ’দৰ ৰঙা তেজ
বৰষুণ শেষ হৈছে
আহিনৰ বা-বলিছে
শেৱালী গোমোঠা মূখ মেল খাব
শীতৰ সুবাসত।
তোৰ চকুহালে কথা কব
মোৰ মূখলৈ চাই
মই বৈ যাম তোৰ বুকুলৈ
একতাৰ সাকোঁ হৈ
নিয়ৰৰ কাপোৰে গা ঢাকি ঢাকি।