তাহানি কালতে আইতা জনীয়ে,
নৱ জাতক ভুমিষ্ঠ কৰাছিল
কল পাতত শুৱাই,
জৰাফুকা পানীৰে গৰ্ভ খালচ কৰিছিল।
বাঁহৰ চেঁচুৰে
নৱজাতকৰ
নাৰী কাটিছিল,
কোলাত কেচুৱা লৈ বাহিৰ উলিয়াছিল।
আইতা!
তুমি যে প্ৰসূতি মাতৃক
গাৰ বিষ যাবলৈ
গৰ্ভ শুকাবলৈ
শুকান খৰিছা মাগুৰ মাছৰ ভাজি ,
কচু থোৰ জালুকীয়া,
আদা নহৰু জালুক দি
কাৱৈ মাছৰ ভেদাই লতাৰ জোলেৰে
জাল খুৱাইছিল?
আইতা!
তুমি আজি নাই,
মনত পৰেনে তোমাৰ
তাহানিৰ সেই কথা বোৰ !
আইতা!
তুমি য’তেই নাথাকা কিয়
তাহানিৰ দিন পুৰণা হ’ল,
নতুন যুগত সকলো আধুনিক হ’ল