আই মোক আৰু বিদায় দে….
মোৰ শেষ বিন্দু তেজ থকালৈকে
থকাসৰকা কৰা গুলিবিদ্ধ শৰীৰটো লৈ
তোৰ শত্ৰুবোৰক ক্ষত বিক্ষত কৰি থৈ আহিলো
আই তইতো এতিয়া কষ্ট পোৱা নাই নহয় !
তোৰ সেউজীয়া আৱৰনখন মলিয়ন হব
জীৱিত কালত এনে হবলৈতো দিবলৈ নোৱাৰো মই
শেষটো উশাহ থকালৈকে
তোৰ কথাই ভাবিলো
ঘৰত পত্নীৰ কোলাত এৰি অহা
পাঁচমহীয়া মোৰ সন্তানটিৰ হাঁহিটিও
মোৰ মনলৈ নাহিল …..জান্……আই …
বুঢ়ি আইয়ে মোৰলৈ হেঁপাহেৰে ৰৈ থকা
মূখখনো মোৰ মনলৈ নাহিল
পত্নীয়ে আশাৰে বাট চাই আছে এতিয়াও
কিন্তু মই যে ধাৰাশায়ী হলো শতৰুৰ হাতত
মোৰ শৰীৰটো লাহে লাহে দেখোন….
মাটিৰ লগত বিলিন হৈ যাব ধৰিছে
বাৰে বাৰে সমস্ত শক্তিৰে উঠাব খুজিও
পৰা নাই মই উঠাব
শতৰুৰ হিংস্ৰ মূখবোৰ এতিয়াও
চকুৰ ভাঁহি আছে
জীৱনে মোক যদি আৰু অলপ সময় দিলে হয়…
শত্ৰুৰ চাৱনীবোৰ মোৰ মনৰ অগ্নিয়ে
জ্বলাই গলো হয় এফালৰ পৰা
আই তই কেতিয়াও চকুলো নুটুকিবি
মই আকৌ আহিম …
শ শ শতৰুৰ নিদ্ৰা ভংগ কৰি যাম
যিয়ে তোৰ গাত স্পৰ্শ কৰে কাইটিয়া হাতেৰে
কৰি যাম সিহঁতৰ ধ্বংস লীলা
তোৰ শৰীৰত পৰা মোৰ প্ৰতিটুপি তেজ
আকৌ জীৱিত হৈ একোজন
নৱজোৱান বীৰৰ সৃষ্টি কৰিব
মই এৰি অহা শত্ৰুবোৰক
মষিমূৰ কৰি যাব….
তই চিন্তা নকৰিবি আই
মোৰ বস্ত্ৰযোৰে তোৰ হাতৰ পৰশত
আকৌ নতুন উদ্যম পাইছে
পৰি থকা অচেতন দেহতোৰো
দূখ বেদনাবোৰ নাইকীয়া হৈ আহিছে
আই মোক এতিয়া বিদায় দে
মই আকৌ আহিম আই …
সকলো আধৰুৱা কামবোৰ কৰি থৈ যাম
বিদায় দে মোক আজি আই ….
তোৰ কোলাত চিৰশান্তিত এপলক শুবলৈ দে….