শীতৰ স্নিগ্ধ পৰশত
উদ্ভাসিত প্ৰতিটো ক্ষণ
জীৱনৰ আঁউসী বিলীন হৈ
জোনাকৰ লহৰ সানি
জীৱন্ত হওঁক প্ৰতিটো মধুৰ দিন।


কি আছিল কাম্য নহয়
কি হ’ব তাৰেই আশাত
নতুনৰ সন্ধান বিছাৰি
আগুৱাই যোৱাই জীৱন পৰিক্ৰমাৰ
এখনি নীলা নিভাঁজ পৃথিৱী।


য’ত সৃষ্টিৰ কঠিয়া নাই
তাত অংকুৰণ হ’ব কেনেকৈ,
য’ত আশা নাই
তাত সপোন দেখিব কেনেকৈ
নতুন সৃষ্টি, নতুন আশা লৈ
নতুনক আঁদৰি বিদায় অভিশপ্ত ২০২০

Related Posts