১৯৮৬ চন মানৰ কথা হব ৷ কুৰুৱা আৰু গুৱাহাটীৰ মাজত চামদাঙ আৰু নামদাঙ জাহাজ চলা দিনৰ কাহিনী ৷ উপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেলপথাৰ খনত প্ৰায়ে প্ৰতিযোগিতা মূলক ফুটবল খেলা হৈছিল ৷ বাকা, মানদাকটা, জলাহ, খলিহৈ আৰু গনেশ কুৱৰীৰ পৰা ফুটবল ক্লাবৰ লগত কুৰুৱা দলৰ প্ৰতিযোগিতা হৈছিল ৷ এতিয়াও মনত আছে ৰত্নেশ্বৰ দা, বুলেন দা, যদু দা হতৰ সেই প্ৰতিযোগিতাৰ কাৰণে কিমান আকুলতা আছিল ৷ ফুটবল খেলা চাবলৈ নদীৰ পাৰঘাট লোকে লোকাৰণ্য হৈ পৰিছিল৷ ফুটবল খেল খনৰ উপৰি নদীখনৰ পাৰত আৰু এটা বিশেষ অনুস্থানে ফুটবল খেলৰ দৰ্শক সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ প্ৰত্যেক দিনেই ফুটবল খেলৰ পাছত শংকৰ মন্দিৰৰ এজনলোকে (নামটো পাহৰিলো) গীতা, ৰামায়ণ আৰু মহাভাৰতৰ সাৱলীল কাহিনীবোৰ শুনাইছিল৷ তেওঁৰ মুখৰ মৌ বৰষা কাহানিবোৰ শুনিবলৈ মানুহ থুপ খাই পৰিছিল ৷ মই আছিলো সেই নদী পাৰৰ গীতামেল খনৰ নিয়মীয়া শ্ৰোতা ৷ সেই গীতামেল খনৰ দ্বাৰা মই ইমানেই প্ৰভাৱিত হ’লো পাছলৈ মই শ্ৰীমদ্ভগৱদগীতাখন দৈনিক পঢ়িব ললো ৷ এতিয়াও বিপদে-আপদে বাৰে বাৰে পঢ়ি শেষ কৰিব নোৱাৰা এই মহাপুথিখনেই মোৰ লগৰী৷ কিমান বিভীষিকাৰ পৰা এই মহা কাব্য খনে মোক ৰক্ষা কৰিছে মই কৈ শেষ কৰিব নোৱাৰিম৷
আমাৰ ভবিষ্যত প্ৰজন্মক, গীতাৰ প্ৰতি আকৃষ্ট কৰিব কাৰণে আমি প্ৰতি ৰবিবাৰে আমাৰ চুবুৰীৰ সামাজিক স্থান যেনে নামঘৰৰ বাকৰিত, লাইব্ৰেৰী অথবা ক্লাবৰ প্ৰাংগনত এনদৰে গীতা মেল পাতিব পাৰো ৷ গাওঁৰ মন্দিৰৰ পুথি পাঠ কৰা বিজ্ঞ সকল অথবা চুবুৰীৰ বিজ্ঞজনক বক্তা হিচাবে আমন্ত্ৰণ কৰি এই সুবিধা আৰু সন্মান দিলে নিশ্চয় তেওঁলোকে আমাক সহায় কৰিব৷ এই গীতা চৰ্চাৰ জৰিয়তে আমি আমাৰ নৱ প্ৰজন্মৰ বৌদ্ধিক, চাৰিত্ৰিক আৰু মানসিক বিকাশত সহায় কৰিব পাৰো যিয়ে এখন নিকা সমাজ গঢ়াৰ বাবে সহায় কৰিব৷ আমি সমাজৰ সকলো শ্ৰেণীৰ লোক ঐক্যৱদ্ধ হৈ সামাজিক দায়বদ্ধতাৰ দৃষ্টান্ত গঢ়ি এখন অপৰাধমুক্ত সমাজ গঢ়িব পাৰিম ৷
সাম্প্ৰতিক কৰোনা মহামাৰীৰ অন্তত আহক আমি সকলোৱে আমাৰ ভবিষ্যতৰ প্ৰজন্মৰ লগতে নিজেও গীতা দৰ্শন কৰো ৷