মৌন পৃথিৱী
মৌন আকাশ
স্তব্ধ সময়।
জীৱন স্থৱিৰ
ৰুস্ত প্ৰকৃতি
ত্ৰস্ত জনতা।
ধন ঐশ্বৰ্য
আজি গৌণ
মুল্যহীন প্ৰাণ।
চন্দ্ৰ যান, মঙ্গল যানৰ
নাই প্ৰয়োজন
লাগে মাথো অক্সিজেন।
ৰাফেল, পৰমাণু
ৰকেত লঞ্চাৰ, এটোম
মাথো এটি পুতলা
একুৰিয়ামত সজাই ৰখা
মুল্যহীন খেলনা্।
আছে জানো কৰ’ণাতকৈ
ভয়ানক মৃত্যুদুত
পৃথিৱী কঁপাই
শাসন কৰা।
তেনেহ’লে লাগে কিয়
অন্য অস্ত্ৰ
বিশ্ব ধ্বংসৰ
যজ্ঞ পাতিবলৈ?
নোৱাৰোনে আমি সপোন দেখিবলৈ
এখন সুন্দৰ সেউজীয়া
পৃথিৱীৰ!
য’ত সকলোৱে
উশাহ ল’ব
মুক্ত মনেৰে
নিৰ্ভয়ে
নিৰ্মলতাৰে।।