ভোগালীৰ মানেই হৈছে সকলো ফালৰ পৰাই নদনবদন আনন্দ উৎসৱ৷ য’ত থাকে পৰিয়ালৰ মৰমৰ আৱদাৰ৷ নিয়ৰ সৰা গধূলিত ভোগালীৰ কিৰিলি, মেজিৰ দপদপকৈ জ্বলা জুইৰ কাষত হেপাহৰ ধেমালি৷ মাটিমাহ, কাঠআলু, ঔটেঙাৰে উহুৱা চাউলৰ ভাতসাঁজেৰে তৃপ্তি যোগাই অন্তৰ আত্মাত৷ মুঠি মৰা বৰা চাউলৰে মহৰ আঠা দৈয়ে ভোগৰ আমোদ যোগাই৷ পথাৰৰ সোনগুটি চপাই আনি তৃপ্তিৰে হেপাঁহ পলুৱাই জহা চাউলৰ সুগন্ধিৰে৷ উৰুকা দিনা মায়ে আখলত বহি পিঠা ভজা কিমান যে মনে মনে খাইছিলো , হেপাঁহেৰে বাট চাই ৰওঁ দেউতাই আনি দিয়া সেই ৰঙা ফুটফুটীয়া ফ্ৰকটো বাবে ৷ ঢেঁকীৰশালত পেহী কঁকালৰ চাদৰ খন তিতি পৰিছিল বকুল বৰা ধানৰ চিৰা ভাঁজোতে ৷ কি এক অপূৰ্ব সুন্দৰ গাওঁৰ পৰিৱেশ , এতিয়াচোন সেই পৰিৱেশ হেৰাই গৈছে নিলিমাত ৷ উৰুকা নিশা ভেলাঘৰত হাঁহৰ আৰু কোমোৰাই ৰান্ধি খোৱা ভাতসাজ কিমান যে সোৱাদ ৷ গাঁৱৰ লৰাবোৰেটো আনৰ গঁৰালৰ পৰা হাঁহ চুৰ কৰি আনি খোৱা আমেজেই সুকীয়া আছিল ৷ ঘৰত নানা বিধ পিঠা বনোৱা চিঞৰি আনক খাৱলৈ মতা সেই দিনবোৰ চোন হেৰাই গ’ল ৷ ৰাতিপুৱা গা ধুই আহি
মা, দেউতাক সেৱা কৰি সকলোৱে একেলগে বহি কাঁহৰ বাতিত জলপান খোৱা দিনবোৰ ক’ত হেৰাল ৷ বৰকৈ মনত পৰিছে সেই দিনবোৰলৈ , যদিও আগৰ নিয়মমতেই কৰিছো কামবোৰ ৷ কৈ থাকিলে চোন শেষেই নহব সেই সোণালী দিনবোৰৰ কথা ৷ মাঘৰ প্ৰৱিএ জুইকুৰাতে সকলো হিংসা, দুখ, বেদনা, জাহ যাওঁক, জুইয়েটো নাকান্দে হাঁহেহে ৷ জুইৰ হাঁহিৰ মাজতে প্ৰফুল্লিত হৈ পৰক সকলোৱে মন প্ৰাণ ৷