নিয়ৰ সনা দুবৰি
জোপাত জিলিকিছিল মুকুতাৰ মালা
আন্ধাৰত পোহৰ বিলাই
সিক্ত কৰিছিল মন।
শীতৰ সেমেকা ৰাতিৰ
স্বপ্ন ভৰা দুচকুৱে
বিচাৰিছিল তোমাৰ
উমাল সান্নিধ্য।
বাৰে বাৰে আমনি কৰা
মন গহনত
থিতাপি লৈছিল
মাথো তোমাৰেই ছবি।
পখিলা খেদা বয়সৰ
স্মৃতিৰ জোলোঙাত
ভৰিছিল সপোন।
চিপচিপিয়া বৰষুণত
লিপিত খাই পৰা
তোমাৰ ফুটফুটিয়া
ফ্ৰ’কত ভাহিছিল জোনাক।
মোৰ চকুৱে মুখে
সিঁচি দিয়া তাৰ সৌৰভ
আজিও সজীৱ
মোৰ হৃদয়ৰ
কোঁহে কোঁহে।