উতনুৱা ফাগুনৰ
চঞ্চলা বতাহ জাকে
আৱৰি ধৰিছিল
মৰমৰ আবেগেৰে।

মনত দোলা দি গৈছিল
মৰমৰ এছাটি বতাহে।

বিচাৰি ফুৰিছিল
নোপোৱা কিবা এটি
পোৱাৰ হেপাঁহত।

আশাৰ বন্তি গছিৰ পোহৰত
জিলিকিছিল চকুহাল।

সাৱটি লৈছিলোঁ
দুহাত মেলি
শান্তিৰ কপৌযুৰি
আলফুলে – মৰমেৰে।

Related Posts