বটদ্ৰৱাৰ আলিপুখুৰী নামে গাৱঁত
সত্যসন্ধা আইৰ গৰ্ভত পিতা কুসুম্বৰৰ ঔৰসত
জন্মিলা বিষ্ণুৰ অংশ শংকৰ নামেৰে;
জাকতজিলিকা কৃষ্টি সংস্কৃতিৰে অসমীয়াক গঢ়ি থৈ গ’লা সৰগীয় অনন্ত ধামেৰে;
মহেন্দ্ৰ কন্দলিৰ টোলত অল্পক্ষণতে
বিদ্যা আৰ্জিলৈ;
“দেৱ” উপাধিৰে হৈলা বিভূষিত
“এক দেৱ এক সেৱ
একত বিনে নাই কেৱ” নীতিৰে
ধৰ্ম প্ৰচাৰিলা অসমীয়াৰ হৃদয়ে হৃদয়ে;
“যত জীৱন জঙ্গম কীট পটঙ্গম
অগনগ জগ তেৰি কায়া”
ঈশ্বৰেই স্ৰষ্টা, তেওঁৱে দ্ৰষ্টা
ধাতা, ত্ৰাতা তেওঁৱেই সংহাৰোতা!
শৌৰ্য্য, বিৰ্য্য, ধৰ্য্যৰে শংকৰে
প্ৰচাৰিলা একশৰণ নামধৰ্ম;
বিশৃংখল অসমীয়াক একত্ৰিত কৰি
স্থাপিলা নৱবৈষ্ণৱ ধৰ্ম:
ছকুৰি বৰগীত, অংকীয়া নাট সৃষ্টিৰে
জ্ঞান প্ৰতিভাত কৰি মনোৰঞ্জনেৰে
ভক্তিৰ পথ দেখুৱালে;
শংকৰৰ সুদক্ষ, ভক্তিপ্ৰাণ দৃষ্টিভংগীয়ে
অসমৰ চিৰযুগমীয়া জাতিৰ
প্ৰাণ সঞ্চাৰ কৰিলে
সৃষ্টিতত্ব ভক্তিতত্ব মুক্তিতত্ব বাণীয়ে
কীৰ্তন- দশম ৰচিলে;
তত্বগভীৰ চিন্তাৰে বিশ্বত অসমৰ
সংস্কৃতি প্ৰদৰ্শিলে:
খোল, তাল, ডবা, কাঁহ, শংখ, মৃদংগ আদি দি গ’ল আমাক ভিন্ন বাদ্যযন্ত্ৰ
শংকৰৰ আপ্ৰাণ প্ৰচেষ্টাত স্থাপন হল
নামঘৰ আৰু সত্ৰৰ;
ভাগৱত পুৰাণৰ অনেক স্কন্ধ গুৰুজনাই ৰচি
জ্ঞান আৰু বুদ্ধিমত্তাৰ পৰিচয় দিলে বিশ্বমানৱক!
নৰনাৰায়নৰ বুদ্ধিপৰীক্ষাত গুণমালাৰ সৃষ্টি
ভূৰুকাত হাটি ভৰাই দিলে ৰজাক বিচুৰ্তি পৰম গুৰুজনাৰ কথাৰেই কওঁ
“কুক্বুৰ শৃংগাল গদ্দৰ্ভৰো আত্মাৰাম
জানিয়া সবাকো কৰি কৰিবা প্ৰণাম”
হে মহামুনি যুগদ্ৰষ্টা শ্ৰীহৰি
সৰ্বকালে পূজিব তোমাক গুৰুৰ স্থানত ৰাখি;
এনেহেন জানি ভনি কৰোহো প্ৰণাম হৰি বাৰেক প্ৰণাম।