য’ত ভষ্ম হয়
এভাৰেষ্ট সম সুউচ্চ অহংকাৰৰ ,
বিলীন হৈ যায় মাটিত
সমস্ত কায়া অতি মৰমৰ ৷
ইমান দিনে মোৰ তোৰ কৈ কৈ
আজি দেখোন সকলো হেৰুৱালোঁ ৷
আকাশৰ দৰে বিশাল
সাগৰৰ দৰে গভীৰ
তোমাৰ মোৰ মৰমৰ টোপোলাটো
লগত চোন আনিব নোৱাৰিলোঁ ৷
বাবাৰ দৰবাৰলৈওঁ যাবলৈ
আজি দেখোন গাত
মুঠেও শকতি নাই ৷
জ্ঞাতি ভাই চাৰিজনৰ কান্ধতহে উঠি ললোঁ
বাঁহৰে চাঙি খনতে শুই ৷
আপোনৰো আপোন মোৰ
পুত্ৰ-বধু জীয়ৰীয়ে মুখাগ্নি কৰিব
মুখতে লগাব জুই ৷
সমুদায় উপস্থিত ৰাইজৰ হৰিধ্বনিত
জিকাৰ খাই উঠিব
মোৰ সহধৰ্মিনী
শিৰৰে সেন্দূৰকণ চুই ৷
হা মোৰ স্বামী ক’ত গৈলা এৰি
বিশ্বব্ৰহ্মাণ্ডৰ বহল পৰিধিত
মিলিলাগৈ তুমি আজি
মোকে নিঠৰুৱা কৰি ৷
ৰাউচি জুৰিলে
মোৰ অনুচৰ সহচৰ
যি দুই চাৰিজন আছিল
মোৰ ভাওনাৰ ভাও
হৃদয়ৰে অনুকৰণ কৰি ৷
আজিৰ পৰা
কোনোদিনে যে আৰু
দেখা দেখি নহব
জুকিয়াই চালে অতীতৰ স্মৃতি ৷
সৰ্ব্বোচ্চ ভষ্মৰ মাজত মাথোঁ
জিলিকিব তিৰবিৰাই কৃতকৰ্মৰ বন্তি
যদি হয় অপকৰ্ম
বন্তিৰ পোহৰ এন্ধাৰতে লুকাব
যদি হয় সুকৰ্ম
প্ৰতিদিনে পোহৰ বিলাব
আই ধৰিত্ৰীৰ কাৰেং শোৱনি কৰি ৷